মিডিয়াৱিকি:Captchahelp-text

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
Wiktionaryৰ পৰা

যিবোৰ ৱেবচাইটত জনতাই পাঠ্য ভৰাব পাৰে, যেনে এই ৱিকি, সেইবোৰক প্ৰায়ে দুষ্কৃতিকাৰী স্পেমাৰবোৰে স্বয়ংক্ৰীয় আহিলাৰ দ্বাৰা তেওলোকৰ চাইটলৈ সংযোগ ভৰাই আক্ৰমণ কৰে। যদিও তেনে স্পাম সংযোগ গুচাব পাৰি, পিছে এয়া এক ডাঙৰ উপদ্ৰৱ।

সাধাৰণতে যেতিয়া কোনো পৃষ্ঠালৈ নতুন সংযোগ সৃষ্টি কৰা হয়, তেতিয়া ৱিকিয়ে এটা ৰঙীন বা বিকৃত চবি দেখুৱাই তাত থকা শব্দখিনি আপোনাক টাইপ কৰিবলৈ ক'ব পাৰে। যিহেতু এই কামতো স্বয়ংক্ৰিয়ভাৱে কৰা প্ৰায়ে অসম্ভব, ই বেছিভাগ প্ৰকৃত ব্যক্তিক পাঠ্য ভৰাব দিয়াৰ লগতে স্বয়ংক্ৰিয় আহিলাৰ দ্বাৰা পাঠ্য ভৰোৱা দুষ্কৃতিকাৰীসকলক ৰোধ কৰিব পাৰে।

দুৰ্ভাগ্যক্ৰমে, সীমিত দৃষ্টিশক্তি থকা ব্যক্তিসকলে, বা পাঠ্য-আধাৰিত অথবা ধ্বনি-আধাৰিত ব্ৰাউজাৰ ব্যৱহাৰ কৰা ব্যক্তিসকলে ইয়াৰ পৰা অসুবিধা পাব পাৰে। এই সময়ত ইয়াৰ কোনো ধ্বনি-আধাৰিত বিকল্প আমাৰ হাতত নাই। ইয়াৰ বাবে যদি আপুনি যুক্তিসন্মত পাঠ্য ভৰাবলৈ অসুবিধা পাইছে, তেনেহলে চাইট প্ৰশাসকৰ লগত যোগাযোগ কৰক।

পৃষ্ঠা সম্পাদনালৈ ঘূৰি যাবলৈ আপোনাৰ ব্ৰাউজাৰৰ 'back' বুটামত টিপা মাৰক।